Health Tips in Assamese

স্বাস্থ্যই পৰম সম্পদ

Latest Post

প্ৰাকৃতিক উপায়েৰে সৌন্দৰ্য চর্চা :

'Everybody wants to be beautiful'

প্ৰতিজন ব্যক্তিয়েই সুন্দৰ হৈ থাকি ভাল পায়। সেয়েহে সৌন্দৰ্য্য চর্চা বা ৰূপ চর্চা আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ।বিশেষকৈ মহিলা সকলে ছাল, চুলিৰ যত্ন লৈ নিজকে সজাই পৰাই ধুনীয়া কৰি ৰাখিবলৈ চেষ্টা কৰে। পুৰুষো এইক্ষেত্ৰত সচেতন। প্রাচীন কালৰে পৰা স্বাস্থ্য চৰ্চাৰ লগতে সৌন্দৰ্য্য চৰ্চাও চলি আহিছে। হালধি, তুলসী, নিম, চন্দন, মাটি মাহ, ঔটেঙাৰ বীজ, তিয়ঁহ, বিলাহী আদি বিভিন্ন প্ৰাকৃতিক উপদানেৰে সৌন্দৰ্য্য চর্চা কৰা হৈছিল। বিশেষকৈ আমাৰ সমাজৰ বিয়া সমূহত দৰা কইনাক 'মাহ হালধীৰে নোওৱা' প্ৰথাটো পৰম্পৰাগত ভাবে চলি আহিছে। ভাৰতৰ অন্য ঠাইৰ বিয়া সমূহৰ ' হলদি' 'মেহেন্দি' অনুষ্ঠান তেনে সৌন্দৰ্য্য চর্চাৰ উদাহৰণ। বহাগৰ বিহুৰ দোমাহীৰ দিনা গৰুক নোৱাই সকলোৱে মাহ হালধীৰে গা ধোৱাৰ নীতি নিয়ম পৰম্পৰাগত ভাৱে চলি আহিছে।বৰ্তমান যুগত বিভিন্ন কোম্পানীৰ প্ৰসাধন সামগ্ৰীৰ উদ্ভাৱন হৈছে যদিও এতিয়াও প্ৰাকৃতিক উপায়েৰে কৰা সৌন্দৰ্য চর্চা ম্লান পৰি যোৱা নাই।কৃত্ৰিম সামগ্ৰীৰ ব্যৱহাৰতকৈ ভেষজ সামগ্ৰীৰ ব্যৱহাৰৰ ওপৰত বেছি গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। বিভিন্ন আয়ুৰ্বেদিক আৰু ভেষজ বা হাৰ্বেল প্ৰসাধন সামগ্ৰীয়ে এতিয়াও বজাৰ দখল কৰি আছে।


ক্লিঞ্জিং (cleansing), টনিং (toning), মইশ্চাৰাইজিঙ (moisturising), স্ক্ৰাবিঙ (scrubbing) এই শব্দ কেইটাৰ লগত সকলোৱে পৰিচিত। আমি প্ৰত্যেকেই প্ৰাকৃতিক উপায়েৰে ঘৰতেই আমাৰ ছাল, চুলিৰ যত্ন লৈ সুন্দৰ হৈ থাকিব পাৰো। লগতে খাদ্যৰ ওপৰতো গুৰুত্ব দিব লাগিব,কাৰণ বাহ্যিক সৌন্দৰ্য্যৰ বাবে আভ্যন্তৰীণ সৌন্দৰ্য্যৰ আৱশ্যক। ৰোগীয়া শৰীৰত সুন্দৰ ছাল, চুলিৰ কল্পনাই কৰিব নোৱাৰি। ' Healthy skin is a reflection of overall wellness'। আজি ছাল চুলিৰ যতনৰ বাবে কেইটিমান দিহা আগবহাইছোঁ। ছালৰ সুস্বাস্থ্যৰ বাবে ক্লিনজিঙ, টনিঙ আৰু মইশ্চাৰাইজিঙ খুৱেই দৰকাৰী। কিন্তু ছালৰ প্ৰকাৰ (তৈলাক্ত , শুকান, মিশ্রিত) অনুসৰি বেলেগ বেলেগ সামগ্ৰী ব্যৱহাৰ কৰিব লাগে। নহলে হিতে বিপৰীত হব পাৰে।

(1)প্ৰাকৃতিক ক্লিনজাৰ (Natural cleanser) :- 

তৈলাক্ত ছালৰ বাবে :

(ক) ২ চামুচ মৌৰ লগত কেইটোপাল মান নেমুৰ ৰস মিহলি কৰি মুখত লগাই দুই মিনিট মান ৰাখক। তাৰ পিছত পানীৰে ধুই পেলাওক।

শুকান ছালৰ বাবে:- 

(ক)মৌৰ লগত গাখীৰ অলপ দি একেদৰে ব্যৱহাৰ কৰক।

(খ).বেচনৰ লগত গাখীৰ আৰু হালধি দি একেদৰে ব্যৱহাৰ কৰক।

(২)টনাৰ (Toner) :

তৈলাক্ত ছালৰ বাবে :

(ক) তিয়ঁহৰ ৰস থকা টনাৰ ব্যৱহাৰ কৰক।

শুকান ছালৰ বাবে :

গোলাপ জল থকা টনাৰ ব্যৱহাৰ কৰক।

(৩)ফেচ পেক:

তৈলাক্ত ছালৰ বাবে :

(ক) বেচনৰ লগত দৈ মিহলাই লৈ মুখত 15 মিনিট সানি থওক । তাৰ পিছত ধুই পেলাওক।

(খ) মূলতানি মাটিৰ লগত গোলাব জল আৰু নেমুৰ ৰস মিহলি কৰি একেদৰে ব্যৱহাৰ কৰক।

শুকান ছালৰ বাবে:-

(ক) মূলতানি মাটিৰ লগত মৌ আৰু পানী দি পেক বনাই 15 মিনিট লগাওঁক।

(খ) পিঠাগুড়ি এচামুছ অটচ( oats) এচামুছ, দু চামুচ মৌ মিহলাই পেক লগাওক।

 ওপৰত দিয়া দিহা সমূহৰ উপৰিও ছালৰ কিছুমান সৰু সুৰা সমস্যাৰ দিহা তলত উল্লেখ কৰা হৈছে।

(১) চানবাৰ্ণ ( sun burn):- 

(ক) তিয়ঁহ এটা পিচি ৰস উলিয়াই লৈ তাৰ লগত অলপ গাখীৰ মিহলাই ফ্ৰীজত কিছু সময় ৰাখি থওক। তাৰ পিছত কঁপাহেৰে মুখত লগাই ১০ মিনিট মান সময় লগাই ধুই পেলাওক।

(খ) তিয়ঁহ এটা আৰু এটা বিলাহীৰ ৰস উলিয়াই একেদৰে ব্যৱহাৰ কৰক।

(গ) এল' ভেৰা এডোখৰৰ সাহ খিনি উলিয়াই তাৰ লগত অলপ তিয়ঁহৰ ৰস মিহলাই একেদৰে ব্যৱহাৰ কৰক।

(২) দাৰ্ক_চাৰকল( dark circle): 

প্ৰায় বোৰ মানুহে এই সমস্যাত ভোগে। চকুৰ গুৰি কলা পৰি দেখিবলৈ বেয়া হৈ পৰে। দুটামান সহজ উপায় ব্যৱহাৰ কৰি এই সমস্যা নোহোৱা কৰিব পাৰি।

(ক) আলু এটা একেবাৰে পাতল পাতল কৈ কাটি চকুৰ পতাত লগাই ১৫ মিনিট ওপৰ মুৱাকৈ শুই থাকক। তাৰ পিছত ধুই পেলাওক।

(খ) তিয়ঁহ এটা পাতলকৈ কাটি একেদৰে ব্যৱহাৰ কৰক।

(৩) হোৱাইট হেডছ আৰু ব্লেক হেডছৰ বাবে:- 

(ক) পিঠাগুড়ি, অতচ আৰু মৌ মিহলাই মুখত ঘূৰণীয়াকৈ অলপ সময় মালিচ কৰক আৰু তাৰ পিছত ধুই পেলাওক।

(খ) বিলাহী এটা দুটুকুৰা কৰি অলপ চেনী দি মুখত ঘূৰণীয়া কৈ মালিচ কৰক কিছু সময়। তাৰ পিছত পানীৰে ধুই পেলাওক।

(৪) পিম্পলছ বা শালমনৰ বাবে:- 

নিমপাত কেইটামান, তুলসী পাত কেইটামান পিচি মূলতানি মাটিৰ লগত মিহলাই পেক তৈয়াৰ কৰি ব্যৱহাৰ কৰক। সুফল পাব।

'Self care is a divine responsibility' । নিজকে ধুনীয়া কৰি ৰাখিবলৈ সৌন্দৰ্য্য চর্চাৰ লগতে সঠিক খাদ্যভাসৰ প্ৰয়োজন। ছাল চুলিৰ সুস্বাস্থ্যৰ বাবে কেইটামান টিপছ হল:-

(ক) প্ৰচুৰ পৰিমাণে পানী খাওক যাতে শৰীৰৰ অলাগতিয়াল বৰ্জিত পদাৰ্থ সমূহ ওলাই যাব পাৰে। লগতে ফলমূলৰ ৰস, নেমুৰ চৰবত, ডাবৰ পানী আদিও খাওক।

(খ) সেউজীয়া শাকপাঁচলি, ৰঙীন ফলমূল( যেনে ডালিম, কমলা, অমিতা, তৰমুজ,) ,দৈ, আলমণ্ড, মটৰ আদি মাহজাতীয় খাদ্য, অতচ( oats), ৰঙীন পাচলি যেনে বিত, গাজৰ আদি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে । ৰঙীন খাদ্য বস্তুত প্ৰচুৰ পৰিমাণে ভিটামিন, এন্তি অক্সিডেন্ট, ফ্লেভনৈডছ( flavonoids) থাকে যি স্বাস্থ্যৰ বাৱে খুৱেই উপকাৰী।

(গ) টোপনি খতি নকৰিব। সুস্বাস্থ্যৰ বাবে সুনিদ্ৰাৰ প্ৰয়োজন।' sleep, drink water and treat your skin'।

(ঘ) ফাষ্ট ফুড, চদা, শীতল পানীয়, বেছি জ্বলা মছলা তেল যুক্ত খাদ্য, অত্যাধিক মিঠা খাদ্য, ময়দাৰ পৰা বনোৱা ব্যঞ্জন আদি খোৱাৰ পৰা যিমান পাৰে আঁতৰি থকাই ভাল।

(ঙ) শিলিখা, আমলখি, পদিনা, নিমপাত,তুলসী পাত আদি আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক। এইবোৰে শৰীৰৰ অলাগতিয়াল বৰ্জিত পদাৰ্থ সমূহ উলিয়াওৱাত সহায় কৰে( body detox)।

বি: দ্ৰ:- ছালৰ প্ৰকাৰ অনুযায়ী সামগ্ৰী ব্যৱহাৰ কৰাটো নিত্যান্তই বাঞ্চনীয়। কিছুমান ব্যক্তিৰ ছালত ভেষজ সামগ্ৰী ব্যৱহাৰ কৰিলে এলাৰ্জি হয়। তেওঁলোকে যেন অলপ চাই চিটি প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰে যেন। যাৰ ছালত যি বস্তুৱে মানে সেয়াহে ব্যৱহাৰ কৰা উচিত।

✍️ ডাঃ ৰেইনী দেৱী(আয়ুৰ্বেদিক চিকিৎসক)
 ফোন 7399114617
গুৱাহাটী

দুবৰিৰ ঔষধী গুণ :

দুবৰি বনৰ উপকাৰীতাৰ বিষয়ে জানো আহক চোন।
দুবৰিৰ খাৰুৱা গুণে পেটৰ এচিডিটি, গেষ্ট্ৰিক আলচাৰ, ডাইবেটিচ, এনিমিয়া ভাল কৰা আৰু শৰীৰৰ দূষিত টক্সিন নিৰ্গত কৰাৰ উপৰিও দাঁত আৰু হাড় মজবুত কৰে । বহুহাজাৰ বছৰ আগৰ পৰাই আয়ুৰ্বেদত দূৰ্বা বা দুবৰি ব্যৱহৃত হৈ আহিছে ।

দুবৰিৰ ঔষধী গুণ।


১. খাৰুৱা গুণঃ ইয়াৰ খাৰুৱা গুণে পেটৰ অম্ল বা এচিডিটি প্ৰশমিত কৰি বিভিন্ন পেটৰ ৰোগ প্ৰতিৰোধ কৰে।
২. Detoxing agent ৰূপে লিভাৰ, শৰীৰৰ কোষ আৰু তেজ chlorophyll ৰ দ্বাৰা পৰিস্কাৰ কৰে।

৩. এনিমিয়া বা ৰক্তহীনতা- ইয়াত থকা ৬৫% Chlorophyll এ তেজৰ লোহিত ৰক্তকণিকা RBC আৰু হিমগ্লবন বঢ়াই এনিমিয়া দূৰ কৰে।

৪. মধুমেহ- দুবৰি জুচৰ লগত দুখিলা নিম পাতে শৰীৰৰ শৰ্কৰা মাত্ৰা কমায়। অকল দুবৰিৰ ৰসেও তেজৰ শৰ্কৰা কমাই মধুমেহ নিয়ন্ত্ৰণ কৰিব পাৰে।

৫. ই পেটৰ এচিড নাইকিয়া কৰি গেষ্ট্ৰিক আলচাৰ, গেষ্ট্ৰাইটিছ আৰু গেচ নিৰাময় কৰে।

৬. এই জুচ উত্তম Diuretic হোৱাৰ বাবে কিডনীষ্টোন ফ্লাচ কৰি উলিয়াব পাৰে। ইউৰিণেৰি ট্ৰেক ইনফেক্সন আৰোগ্য কৰে।

৭. শ্বাসকষ্টঃ এই জুচে হাওঁফাওঁ পৰিস্কাৰ কৰি চৰ্দি, কাঁহ, ব্ৰংকাইটিছ আৰু হাপানী নিৰাময় কৰে।

৮. দুবৰি ৰসে নাকৰ পৰা তেজ উলোৱা, GI bleeding আৰু অতিমাত্ৰা ঋতুশ্ৰাৱ নিৰাময় কৰে।

৯. সাধাৰণ কটা চিঙাৰ ৰক্তক্ষৰণ বন্ধ কৰে। যষ্ঠিমধুৰ শিপা আৰু দুবৰি বন নাৰিকল তেলত ১৫ মিনিট উতলাই প্ৰলেপ দিলে খৰ ভাল হয়।

১০. অতিমাত্ৰা ভোকলগা নিয়ন্ত্ৰণ কৰি obesity দূৰ কৰে।

১১. ইয়াত থকা বিভিন্ন প্ৰটিন, ফচফৰাচ আৰু কেলচিয়ামে দাঁত আৰু হাড় মজবুত কৰে, পটাচিয়ামে পানী সন্তোলন আৰু হাৰ্ট, মেঙ্গানিজে এন্জাইম উত্পাদন কৰে ।

১১. ইয়াত ভিটামিন A আৰু C আছে যি এন্টিঅক্সিডেন্ট হিচাবে হৃদৰোগ, স্ট্ৰোক আৰু কেনচাৰ প্ৰতিৰোধ কৰে।নাৰিকল তেলত থকাৰ দৰে ইয়াত palmitic acid পোৱা যায়, যিয়ে atheroscrelosis ত কাম দিয়ে।

দুবৰি জুচ- প্ৰয়োজনীয় পৰিমাণৰ দুবৰিৰ আগ অংশ গোটাই ভালদৰে ধুই লওক। ইয়াত নাৰিকলৰ পানী অথবা সাধাৰণ পৰিস্কাৰ পানী মিহলাই জুইচাৰত দিয়ক। জুচ খিনি চাহৰ চাকনিৰে চেকি ডাঙৰ গিলাচৰ এগিলাচ পুৱা খালি পেটত খাব। সোৱাদ আৰু গুণ বঢ়াবলৈ স্টেভিয়া পাত আৰু কেঁচা হালধীৰ ৰস মিলাব পাৰে (ঐচ্ছিক)। দুবৰিৰ জুচৰ একো নিমিহলোৱাকৈও এটা নিজস্ব ভাল লগা সোৱাদ আছে। জুচ খোৱাৰ এঘণ্টালৈকে একো নাখাব।

বিঃদ্ৰঃ শ্বেয়াৰ কৰি আনৰো উপকাৰ কৰিব ।

তৰমুজৰ(Watermelon) বিস্ময়কৰ স্বাস্থ্য উপকাৰিতাঃ

তৰমুজ গ্রীষ্মকালীন ফল।ইয়াত প্রচুৰ পৰিমানে পুষ্টি, ভিটামিন আৰু খনিজ আইৰণ থাকে। তৰমুজত শতকৰা ৯২ ভাগ পানী থাকে, প্রাকৃতিকভাৱে ইয়াত কোনো চর্বি নাথাকে। তলত তৰমুজৰ উপকাৰিতা সম্পৰ্কে কিছু তথ্য দিয়া হল।

তৰমুজৰ উপকাৰিতা

চকুৰ সুৰক্ষাঃ

তৰমুজত প্রচুৰ পৰিমাণে বিটা কেৰোটিন আৰু ভিটামিন এ থাকে। বিটা কেৰোটিনে চকুৰ ৰেটিনা সুৰক্ষাত সহায় কৰাৰ লগতে চকুত ছানি পড়াৰ ক্ষেত্রত প্রতিবন্ধকতাৰ সৃষ্টি কৰে। ভিটামিন এ চকুৰ জ্যোতি বৃদ্ধি কৰে।

হৃদযন্ত্রৰ ৰক্ত সঞ্চালনতঃ

সঠিকভাৱে হৃদযন্ত্রৰ ৰক্ত প্রবাহ অত্যন্ত গুৰুত্বপূর্ণ। তৰমুজে হৃদযন্ত্রৰ সঠিকভাৱে ৰক্ত প্রৱাহত সহায় কৰে ফলত হৃদযন্ত্র ব্লক হোৱাৰ প্রৱণতা বহুগুণে হ্রাস পায়।

স্নায়ু ও মাংসপেশী সুৰক্ষাতঃ

তৰমুজত প্রচুৰ পৰিমাণ পটাছিয়াম থাকে যি প্রাকৃতিকভাৱে শৰীৰত ইলেকট্রো পাৱাৰ তৈয়াৰী কৰে। এই পাৱাৰ শৰীৰৰ মাংসপেশী ও স্নায়ু সুৰক্ষাত অত্যন্ত কার্যকৰী।

শৰীৰৰ বিষ নিৰাময় আৰু কলা(টিচু) সুৰক্ষাতঃ

তৰমুজত প্রচুৰ পৰিমাণ ভিটামিনি চি থাকে যি শৰীৰৰ বিভিন্ন স্থানৰ বিষ নিৰাময়ৰ লগতে দাঁত আৰু মাংসপেশীৰ সুৰক্ষাত প্রতিষেধক হিচাপে কাম কৰে।

হাড় মজবুত কৰেঃ

তৰমুজত লাইকোপিনো নামক ৰঙা উপাদান থাকে যত প্রচুৰ পৰিমাণে কেলচিয়াম মিহলি থাকে যিয়ে হাড়ৰ গঠন মজবুত কৰাত অত্যন্ত সহায় কৰে।

শৰীৰত চর্বি নিয়ন্ত্ৰণ কৰেঃ

তৰমুজত প্রচুৰ পৰিমাণে এমাইনো এছিড থাকে যি শৰীৰৰ কোলেস্টেৰল আৰু চর্বি কমোৱাত সহায় কৰে। ইয়াৰ উপৰিও তৰমুজত এন্টি অক্সিডেন্ট থাকে যি শৰীৰত জমা হৈ থকা কোলেস্টেৰল কমোৱাত সহায় কৰে।

কিডনি আৰু লিভাৰৰ সুৰক্ষাঃ

তৰমুজত প্রচুৰ জলীয় উপাদান থকাৰ বাবে প্রস্রাৱৰ জ্বলাপোৰা কমাই দিয়ে। তৰমুজত থকা এন্টিবডিয়ে কিডনি আৰু লিভাৰ সুৰক্ষাত সহায় কৰে।

ওজন কমোৱাত সহায় কৰেঃ

গৱেষণাত দেখা গৈছে তৰমুজে মানৱ শৰীৰত জমা হৈ থকা চর্বি কমোৱাত সহায় কৰে। তৰমুজত থকা Citrulline নামৰ এমিনো এছিডবিধ কিডনিৰ বাবে অত্যন্ত উপকাৰী।তৰমুজত প্রচুৰ পৰিমাণে পানী থকাৰ বিপৰীতে খুব কম পৰিমাণৰ কেলৰি থাকে। সেই কাৰণেই পেট ভৰাই তৰমুজ খালেও সেই অনুযায়ী ওজন নাবাঢ়ে।

জলশূন্যতা দূৰ কৰেঃ

তৰমুজত প্রচুৰ পৰিমাণে পানী থাকে। গৰমৰ সময়ত যেতিয়া ঘামৰ মাধ্যমত শৰীৰৰ পৰা প্রচুৰ পৰিমাণে ঘাম বাহিৰ হয় তেতিয়া তৰমুজ খালে শৰীৰৰ জলশূন্যতা দূৰ হয়।

শ্বাস-প্ৰশ্বাসৰ কষ্ট প্রতিৰোধ কৰেঃ

যিসকলে বহুতদিনৰ পৰা শ্বাস-প্ৰশ্বাসৰ সময়ত কষ্ট অনুভৱ কৰে তেখেত সকলে প্ৰতিদিনেই তৰমুজ খোৱাৰ অভ্যাস গঢ়ি তোলক। তৰমুজে শৰীৰৰ ভিটামিন চি ৰ অভাৱ পূৰণ কৰে আৰু হাঁপানি প্রতিৰোধ কৰাত সহায় কৰে।

কেঞ্চাৰ প্রতিৰোধ কৰেঃ

তৰমুজত থকা এন্টি অক্সিডেন্টে কেঞ্চাৰ সৃষ্টিৰ বাবে দায়ী কোষবোৰক নির্মূল কৰাত সাহায্য কৰে। গৱেষণাত দেখা গৈছে তৰমুজত লাইকোপিন নামৰ উপাদান থাকে যি প্রোষ্টেট গ্ৰন্থিত কেঞ্চাৰৰ সম্ভাৱনীয়তা কমাই দিয়ে।

✍️ ডাঃ শ্বাহিদুল প্ৰীতম
পাটনা,বিহাৰ

শৰীৰৰ বাবে অত্যাৱশ্যকীয় ভিটামিন-চি :

আমাৰ শৰীৰ ৰোগমুক্ত কৰি দীৰ্ঘায়ু লাভৰ বাবে প্ৰয়োজন হয় ভিটামিন-চি । আমলখিত সৰ্বাধিক পৰিমাণে ভিটামিন-চি থকাৰ উপৰিও যৌনদীপ্ত স্বাস্থ্যৰ লগতে দীৰ্ঘায়ু লাভত সহায় কৰে বাবে আমলখিক মাতৃ ফল বোলা হয়। ভিটামিন-চি বগা বৰণীয়া স্ফটিক আৰু ই পানীত দ্ৰৱনীয়‌। কিন্তু জাৰণ প্ৰক্ৰিয়া আৰু উচ্চ উষ্ণতাত ভিটামিন-চি সহজে ধ্বংস হয় । সেয়েহে নেমুটেঙাৰ তৰ্কাৰী গৰম কৰিলে ভিটামিন-চি বিনষ্ট হোৱা বাবে এই তৰ্কাৰী খালে আমি পৰ্যাপ্ত পৰিমাণৰ ভিটামিন-চি নাপাও।

এজন প্ৰাপ্ত বয়সৰ ব্যক্তিক দৈনিক ভিটামিন-চি প্ৰয়োজন হয় ৫০ মিলি গ্ৰাম, সন্তান থকা মাতৃক ৮০ মিলি গ্ৰাম আৰু শিশুক ৩০-৫০ মিলি গ্ৰাম।

ভিটামিন-চি গুণাগুণ :

(১) কিডনীত সঞ্চিত হৈ থকা কেলছিয়াম অক্জেলেট আৰু ফছফেট গলাই পেচাবৰ লগত বাহিৰ কৰি কিডনী ষ্টন সৃষ্টিত বাধা প্ৰদান কৰে।

(২) ঘা-ফোহা আৰু অন্যান্য আঘাতৰ বাবে হোৱা ক্ষত শুকুৱাত সহায় কৰে। আমাৰ বহুতৰ এক ভূল ধাৰণা আছেযে কটা-ছিঙা হলে নেমুটেঙা বা আন টেঙা খালে পকিব , আছলতে টেঙাই শুকুৱাত সহায় কৰে।

(৩) শৰীৰৰ পৰা ওলোৱা তেজ গোটমৰাত সহায় কৰে। নাকৰ পৰা তেজ ওলোৱা, মাহেকীয়াৰ সময়ত বেছিকৈ গা-চলা , পাইলচ্ আদিত ভোগা পুৰণি ৰোগীয়ে সদায় ভিটামিন-চি বিশিষ্ট আহাৰ খালে সোনকালে আৰোগ্য হয়।

(৪) আমি খাদ্যৰ লগত গ্ৰহণ কৰা লৌহ ধাতু শোষণ কৰি ৰক্তহীনতা নিৰ্মূল কৰে। শৰীৰৰ ত ভিটামিন-চি অভাৱ হলে ৰক্তহীনতাত আক্ৰান্ত হয়।

(৫) শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। বিশেষকৈ ভিটামিন-চি অভাৱৰ কাৰণে শ্বাস-প্ৰশ্বাস জনিত ৰোগ প্ৰায়েই হয়।

(৬) ভিটামিন-চি এবিধ উৎকৃষ্ট এন্টিঅক্সিডেন্ট। হাওঁফাওঁৰ এলভিঅলা নামৰ বায়ুকোষৰ ওপৰত ভিটামিন-চিয়ে প্ৰলেপ দি নিৰাপত্তা প্ৰদান কৰা কাৰ্যক সহজ ভাষাত এন্টিঅক্সিডেন্ট বোলা হয়। এন্টিঅক্সিডেন্টৰ কাৰণে কাৰ্বন-ডাই-অক্সাইড, সুক্ষ্ম ধূলিৰ কণিকা আৰু ৰোগৰ বীজাণু হাওঁফাওঁৰ ভিতৰতলৈ প্ৰবেশ কৰিব নোৱাৰে বাবে বহুতো ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰি।

(৭) সং‌যোজক কোষৰ বিপাকৰ সময়ত এনজাইম হিচাবে সহযোগ কৰে।

(৮) দাতৰ গুৰিৰ পৰা তেজ -পূজ ওলোৱা পায়োৰিয়া ৰোগ নিৰ্মূল কৰে।

(৯) শুকান কাহত এগিলাচ গৰমপানীত নেমুটেঙা বা সুমথিৰা চেপি খালে কফ বাহিৰ কৰি সোনকালে কাহ-কফ ৰোগ ভাল কৰে।

(১০) এলাৰ্জি জনিত চৰ্দি, কাহ, হাচি হোৱাত বাধা দিয়ে।

(১১) মিহিকৈ গুৰি কৰি লোৱা নিমখৰ লগত কেইটোপালমান নেমুটেঙা ৰস মিহলাই দিনে দুবাৰ দাত ঘহিলে দাতৰ গুৰিৰ পৰা তেজ-পূজ ওলোৱা আৰু মূখৰ গোন্ধ নোহোৱা হয়। লগতে দাতৰ উজ্জ্বলতা বাঢ়ে।

(১২) মৌ আৰু নেমুটেঙাৰ ৰস গালত সানি লাহে লাহেকৈ কেদিনমান ঘহিলে কলা দাগ নাইকিয়া হয়।

ভিটামিন-চিৰ উৎস :

টেঙা ফল-মূল ভিটামিন-চি বা এচকৰ্বিক এচিডৰ মূখ্য উৎস। ৰবাব , জৰাটেঙা ,বিভিন্ন প্ৰজাতিৰ নেমুটেঙা, সুমথিৰা , মৌছম্বী,নগাটেঙা , চকলাটেঙা,‌ মধুৰিয়াম, বিলাহী আৰু সবাতোকৈ বেছি পৰিমাণে আমলখিত পোৱা যায়। আমলখিত প্ৰায় ৫০০-৬০০ মিলি গ্ৰাম প্ৰতি এশ গ্ৰাম ওজনত পোৱা যায়। ইয়াৰোপৰি শাক-পাচলিত কম পৰিমাণে এচকৰ্বিক এচিড পোৱা যায়। লোহা বা ষ্টীল ধাতুৱে এচকৰ্বিক এচিড শোষণ কৰিব পাৰে কাৰণে। এনে ধাতুৰে তৈয়াৰী পাত্ৰত নেমুচৰ্বত বা সুমথিৰা ৰস চেপি খাব নালাগে। সদায় আইনা পাত্ৰত নেমুচৰ্বত বা সুমথিৰা আদিৰ ৰস খাব লাগে।

সেয়েহে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ উপৰিও , ৰক্তহীনতা আৰু স্কাৰ্ভী ৰোগৰ পৰা মুক্ত হবলৈ হলে নিয়মিত ভাৱে ভিটামিন-চি বিশিষ্ট ফল-মূল , শাক-পাচলি আৰু মাহজাতীয় খাদ্য খাব লাগে।

(ক) ফল-মূল :

(১) আমলখি-৬০০ মিলি গ্ৰাম প্ৰতি ১০০ গ্ৰামত।
(২) নেমুটেঙা-৬৩ মিলি গ্ৰাম প্ৰতি ১০০ গ্ৰামত 
(৩) মধুৰিয়াম- ২০০ মিলি গ্ৰাম প্ৰতি ১০০ গ্ৰামত
(৪)বিলাহী- ২৫-২৭ মিলি গ্ৰাম প্ৰতি ১০০ গ্ৰামত
(৫) সুমথিৰা -৩০ মিলি গ্ৰাম প্ৰতি ১০০ গ্ৰামত।

নেমুটেঙা
নেমুটেঙা
আমলখি
আমলখি

(খ) শাক-পাচলি :

(১) লাইশাক-২৮ মিলি গ্ৰাম প্ৰতি১০০ গ্ৰামত
(২) বন্ধাকবি -১২৫ মিলি গ্ৰাম প্ৰতি ১০০ গ্ৰামত
(৩) ফুলকবি-৫৫ মিলি গ্ৰাম প্ৰতি ১০০ গ্ৰামত
(৪) বেঙেনা-১০-১২মিলি গ্ৰাম প্ৰতি ১০০ গ্ৰামত
(৫) পিয়াঁজ-১০ মিলি গ্ৰাম প্ৰতি ১০০ গ্ৰামত 
(৬) মূলা ১৫ মিলি গ্ৰাম প্ৰতি ১০০ গ্ৰামত
(৭) আলু -১৫-১৭ মিলি গ্ৰাম প্ৰতি ১০০ গ্ৰামত
(গ) গাজ ওলোৱা মাহজাতীয় শস্যত ১৫-১৬ মিলি গ্ৰাম প্ৰতি ১০০ গ্ৰামত

আয়ুৰ্বেদিক ঔষধ :

সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ভিটামিন-চি বিশিষ্ট ৰসায়ন "চ্যৱনপ্ৰাছ" । হাৰিয়ানাৰ প্ৰখ্যাত চ্যৱন মুণিয়ে উদ্ভাৱন কৰা এই ৰসায়ন দহহেজাৰ বছৰ একেৰাহে ব্যৱহৃত হৈ আহিছে। সদায় ব্যৱহাৰ কৰিলে প্ৰায়বোৰ ৰোগৰ পৰা মুক্ত হৈ সুদীৰ্ঘ কাল জীৱন নিৰ্বাহ কৰিব পাৰি। আমলখি ৰসায়ন এবিধ উৎকৃষ্ট ভিটামিন-চি সমৃদ্ধ ৰসায়ন । ধাত্ৰী লৌহ, ত্ৰিফলাত ভিটামিন-চি যথেষ্ট পৰিমাণে থাকে। আমলখি ৰসায়ন , ধাত্ৰী লৌহ , ত্ৰিফলা আদি ঔষধ ব্যৱহাৰ কৰিলে পাকস্থলী আলচাৰ, গেষ্ট্ৰাইটিচ, কেঞ্চাৰ আদি ভাল হয়।

✍️ ডা:মনোজ কুমাৰ শইকীয়া
হোৱাটৃএপ- 9435209704
SWASTHYA--THE HEALTH SOLUTION
Facebook Group

উচ্চ ৰক্তচাপৰ অচিনাকি উদ্ভিদ সৰ্পগন্ধা :

অসমৰ হাবি বননীতে পোৱা অথচ আমি সকলোৱে চিনি নোপোৱা ঔষধি উদ্ভিদ সৰ্পগন্ধা। এই সৰ্পগন্ধা উদ্ভিদৰ পৰা প্ৰস্তুত কৰা হয় সৰ্পগন্ধা টেবলেত। জোপোহা এই উদ্ভিদৰ শিপাৰ ছালৰ পৰা উচ্চ ৰক্তচাপৰ আয়ুৰ্বেদিক ঔষধ হেজাৰ বছৰ ধৰি ব্যৱহাৰ কৰি অহা হৈছে। উচ্চ ৰক্তচাপত প্ৰয়োগ কৰা ঔষধি গছজোপাৰ সংস্কৃত আৰু অসমীয়া নাম সৰ্পগন্ধা আৰু বোটানিকেল নাম Rauwolfia Serpentina । শিপাৰ ছালত ৰিচাৰপিন (Reserpin) নামৰ এলকালাইদ থাকে আৰু ই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে‌।

উচ্চ ৰক্তচাপৰ অচিনাকি উদ্ভিদ সৰ্পগন্ধা

সৰ্পগন্ধাৰ ঔষধ :

(১) সৰ্পগন্ধা ঘন বটী নামৰ আয়ুৰ্বেদিক ঔষধ দিনে এটা বা দুটা খাব পাৰি।

(২) Reserpin tab সাধাৰণতে Adelphane , Zenophane নামেৰে জনা যায়‌।

(৩) Reserpin injection

(৪) সৰ্পগন্ধা শিপাৰ ছাল ৰদত শুকাই খুন্দি গুৰি কৰি লব । এই শিপাৰ গুৰি বা চূৰ্ণ আধা চামুচকৈ দিনে খালে উচ্চ ৰক্তচাপ ভাল হয় ।


অধিক জনাৰ বাবে ইয়াৰ লগতে মোৰ আন এটা পোষ্ট " উচ্চ ৰক্তচাপ ৰোগৰ ঘৰুৱা উপশম" পঢ়ক।

বি:দ্ৰ: Reserpine আজিকালি ব্যৱহাৰ কৰা নহয় । কিছু শাস্ত্ৰীয় প্ৰণালীৰে শোধন কৰি , ভাৱনা দি প্ৰস্তুত কৰা সৰ্পগন্ধা ঘন বটী ব্যৱহাৰ এতিয়াও কৰা হয় । আয়ুৰ্বেদিক সৰ্পগন্ধা টেবলেতৰ কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নাই আৰু সকলো উচ্চ ৰক্তচাপ ৰোগীয়ে ব্যৱহাৰ কৰিব পাৰে‌।

( ফটো সংগ্ৰহ- অনামী গ্ৰুপ)

 ✍️ ডা:মনোজ কুমাৰ শইকীয়া।
মবাইল 9435209704

কান্ধৰ গাঁঠি সলকি যোৱা (Shoulder dislocation) :

কান্ধ শৰীৰৰ এনে এটি অংশ যি তিনিটা হাড়, চাৰিটা যোৰা আৰু ত্রিশটা মাংসপেশীৰ সমন্বয়েৰে তৈয়াৰী।এই ত্রিশটা মাংসপেশীৰ মাজৰ চাৰিটা পেশী ও চাৰিটা যোৰাৰে গঠিত গ্লেনো-হিউমেৰাল জইন্ট খুবেই গুৰুত্বপূর্ণ।


মানৱ শৰীৰৰ কান্ধৰ গাঁঠি গঠনগতভাৱে খুবেই অস্থিতিশীল কিন্তু শৰীৰৰ অন্যান্য গাঁঠিবোৰৰ তুলনাত সকলোতকৈ বেছি লৰচৰ হয়।ফলত অতি সহজেই এই গাঁঠিটো ডিছপ্লেচমেন্ট হয় বা সলকি যায়।কোনো গাঁঠি একাধিকবাৰ সলকি গলে তাক ৰিকাৰেন্ট ডিছপ্লেচমেন্ট বা ৰিকাৰেন্ট চাবলেক্সন বোলা হয়।

এবাৰ গাঁঠি ডিছপ্লেচমেন্ট হলে পৰৱৰ্তী সময়ত যোৰাডাল শতকৰা ৮০% সলকি যোৱাৰ সম্ভাৱনা থাকে।প্রথম আঘাতৰ ২ বছৰমানৰ ভিতৰতে এই অসুবিধা বাঢ়ি গৈ থাকে।

সন্মুখৰ ফালে শতকৰা ৯৪%,পিছফালে ৪% ভাগ আৰু তলফালে ১% ভাগ ডিছপ্লেচমেন্ট হয়। জন্মগতভাৱে জইন্টৰ লিগামেন্ট আৰু কেপচুল ঢিলা থাকিলে জইন্টটো সকলোফালে ডিছপ্লেচমেন্ট হোৱাৰ সম্ভাৱনা থাকে।ক্রিকেট,ভলীবল,বাস্কেটবল,জেবলিন থ্রো খেলা খেলুৱৈৰ মাজত কান্ধৰ জইন্ট ডিছপ্লেচমেন্টৰ সম্ভাৱনা বেছি।

স্ট্রোক আৰু পেশী দুর্বলতা ৰোগৰ বাবে বেছি দুর্বল হলে যোৰা সলকি যোৱাৰ সম্ভাৱনা বহুত থাকে। ইয়াৰ ওপৰিও প্রথম ডিছপ্লেচমেন্টৰ পিছত সাৱধানতা অৱলম্বন নকৰিলে যোৰাডাল বাৰে বাৰে সলকি যায়।গাঁঠি ডিছপ্লেচমেন্ট হোৱাৰ ফলত কান্ধত অসহ্যকৰ বিষ হয়।অৱশ্যে বাৰেবাৰে জইন্ট ডিছপ্লেচমেন্ট হলে কান্ধত বিষৰ পৰিমাণ কম অনুভৱ হয়।যোৰা সলকি যোৱাৰ পিছত বাহু এটা নির্দিষ্ট অৱস্থানত থাকে ফলত লৰচৰ কৰিব পৰা নাযায়।জইন্ট ডিছপ্লেচমেন্ট হলে জইন্টৰ ঠাইখিনি খালি আৰু ডিছপ্লেচমেন্টৰ ঠাইত ফুলি উঠা দেখা যায়।কেতিয়াবা কেতিয়াবা টোপনিৰ সময়ত, সাঁতোৰ পৰাৰ সময়ত আৰু খেলাধূলাৰ সময়ত বাহুৰ এটা নির্দিষ্ট অংশৰ লৰচৰ হোৱাৰ ফলত কান্ধৰ গাঁঠি সলকি যায়। ইয়াৰ ওপৰিও উপৰফালে কিবা ধৰিব বা বাছৰ হেন্ডেল ধৰি বাছত উঠাৰ চেষ্টা কৰিলেও যোৰা সলকি যোৱাৰ সম্ভাৱনা বহুত থাকে।যোৰা প্রথমে ডিছপ্লেচমেন্ট হোৱা প্ৰায় ৪০% ৰোগীৰ ক্ষেত্রত হিউমেৰাল হেড ফ্রেকচাৰ হয়।বাৰেবাৰে যোৰা ডিছপ্লেচমেন্টৰ বাবে গ্লেন'য়েড ৰিম (বোনি ব্যাংকার্ট)ভাঙি যায় ফলস্বৰূপে গাঁঠিত অস্টিঅ'আর্থ্রাইটিছ আৰু জইন্ট নষ্ট হয়।বয়স্ক মানুহৰ যোৰাৰ পেশী ছিঙি যোৱাৰ ফলত হাত ওপৰলৈ তুলিব নোৱাৰা হয়। স্কেপুলাৰৰ অনিয়মত লৰচৰ হোৱাৰ বাবে পেশী শুকাই যায় আৰু পিঠিত প্ৰচণ্ড বিষ অনুভৱ হয়।

পৰীক্ষা-নিৰীক্ষাঃ

কান্ধৰ গাঁঠি ডিছপ্লেচমেন্টৰ চিকিৎসাৰ আগত চিকিৎসকৰ পৰামৰ্শমতে এক্সৰে,অর্থোগ্রাফি, এমআৰআই আদি পৰীক্ষাৰ মাধ্যমত ৰোগ সম্পৰ্কে নিশ্চিত হব পাৰি।

প্ৰতিকাৰ ও চিকিৎসাঃ

বাৰেবাৰে গাঁঠি সলকি যোৱা ৰোগী ঔষধ খাই ভালপোৱাৰ সংখ্যা তেনেই সীমিত।অস্ত্ৰোপচাৰেই ইয়াৰ একমাত্ৰ চিকিৎসা।সামুহিকভাৱে কিছু দিনৰ বাবে সকাহ পাবলৈ বাহুৰ যিটো মুভমেন্টত কান্ধৰ যোৰা সলকি যায়,সেই ধৰণৰ মুভমেন্ট নকৰি পেশী শক্তিশালী হোৱা ব্যায়াম কৰিব পাৰি।বিভিন্ন পদ্ধতিৰে জইণ্ট ডিছপ্লেচমেন্টৰ অস্ত্ৰোপচাৰ কৰিব পৰা যায়।ইয়াৰে 'ল্যাটাৰজেট' পদ্ধতিত অস্ত্ৰোপচাৰ কৰিলে যোৰাৰ স্থিতিশীলতা বেছি হয়।

বর্তমান সময়ত গাঁঠিৰ চিকিৎসাত সফল আৰু জনপ্ৰিয় কার্যকৰ সমাধান আনিছে বিস্ময়কৰ আৰ্থ্ৰোছস্ক'পি নামক অস্ত্ৰোপচাৰটিয়ে। অর্থ'পেডিক চিকিৎসাৰ বর্তমান যুগৰ জনপ্ৰিয় সর্বাধুনিক পদ্ধতি এইটো।সৰু ছিদ্রৰ মাধ্যমত কেমেৰাযুক্ত আৰ্থ্ৰোছস্ক'প যোৰাৰ ভিতৰত প্রৱেশ কৰাই যন্ত্রৰ লগত সংযুক্ত বাহিৰৰ মনিটৰত চাই লেবৰাম, কেপচুল ও লিগামেন্ট ৰিপায়েৰিং কৰা হয়।এই পদ্ধতিৰে ৰোগী অতি সোনকালে সুস্থ হৈ উঠে।

বিশেষ সতৰ্কীকৰণ : 

অত্যধিক বিষৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যৱহাৰ কৰা পেইনকিলাৰ জাতীয় ঔষধৰ বহুল ব্যৱহাৰৰ ফলত কিডনিত পাথৰ,মাইগ্ৰেন আদি বেমাৰ হ'ব পাৰে!!

✍️ ডাঃ শ্বাহিদুল প্ৰীতম
পাটনা,বিহাৰ
9707738197

ক'লা জিৰাৰ বগা গুণ :

আমি সদায় ব্যৱহাৰ কৰি অহা পাছফোৰোণৰ এবিধ হৈছে ক'লা জিৰা। পাছফোৰণত চকু ফুৰালে জিলিকি উঠে ক'লাজিৰা। বৈদিক কালৰ পৰা ক'লাজিৰা মচলা আৰু আয়ুৰ্বেদিক ঔষধ হিচাবে ব্যৱহাৰ কৰি অহা হৈছে। ক'লা জিৰাক আয়ুৰ্বেদিকত কৃষ্ণ জিৰক বোলা হয়।

ক'লা জিৰাৰ বগা গুণ

ক'লাজিৰাৰ গুণাগুণ সমূহ হৈছে :-

 (১) ক'লাজিৰাত ফছফেট, ফছফৰাচ, আইৰণ আদি পদাৰ্থ থাকে। এই পদাৰ্থ সমূহে আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি নিৰোগী কৰি ৰখাত সহায় কৰে।

(২) নিয়মিতভাৱে ক'লাজিৰা খালে শৰীৰৰ প্ৰত্যেকটো অঙ্গ-প্ৰত্যঙ্গ সতেজ আৰু কাৰ্যক্ষম হৈ থাকিব পাৰে।

(৩) তেজত কলেষ্টেৰল পৰিমাণ কমায় স্বাভাৱিক অৱস্থালৈ আনি কলেষ্টেৰল নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। সেয়েহে উচ্চ ৰক্তচাপ কমাই শৰীৰৰ স্বাভাৱিক ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে।

(৪) কলেষ্টেৰল নিয়ন্ত্ৰণ কৰি ৰাখিব পৰা বাবে হৃদৰোগ হোৱাৰ সম্ভাৱনা কমি যায়।

 (৫) ক'লাজিৰা খালে মধুমেহ ৰোগ নিৰাময় হয়। মধুমেহ বা ডায়েবেটিচ ৰোগীৰ তেজৰ শৰ্কৰা বা চুগাৰৰ পৰিমাণ ক'লাজিৰাই কমাব পাৰে।

(৬) ক'লাজিৰা খালে যৌনক্ষমতা বঢ়াৰ উপৰিও শুক্ৰ উৎপাদন বৃদ্ধি হয়। মহিলাৰ গৰ্ভধাৰণ ক্ষমতা বাঢ়ে। সন্তানহীন মহিলাৰ গৰ্ভধাৰণ কৰাৰ বাবে প্ৰয়োগ কৰা গৰ্ভপাল ৰস নামৰ ঔষধত ক'লাজিৰা আছে।

(৭) ক'লাজিৰাই স্মৃতি শক্তি বঢ়োৱাত সহায় কৰে। সিৰা আৰু ধমনীত কলেষ্টেৰল সঞ্চিত হৈ থকা অৱৰোধ ক'লাজিৰাই আতৰাই ৰক্ত ৰক্তসঞ্চালন নিয়মীয়াকৈ কৰিব পাৰে। সমগ্র শৰীৰ আৰু মস্তিষ্কত ৰক্তসঞ্চালন ভালদৰে হোৱাৰ ফলত প্ৰচুৰ পৰিমাণে অক্সিজেন আৰু পোষণ মস্তিষ্কই পোৱাৰ পৰিপ্ৰেক্ষিতত স্মৃতিশক্তিৰ বিকাশ হয়। স্মৃতি শক্তি বৰ্ধক ঔষধ সাৰস্বত চূৰ্ণত ক'লা জিৰা আছে।

 (৮) শিশুক ক'লাজিৰা খুৱালে স্মৰণ শক্তি বাঢ়ে, বয়সস্থ ব্যক্তিয়ে খালে সুন্দৰ টোপনি আহে । অনিদ্ৰা ৰোগীয়ে ক'লাজিৰাৰ গুৰি দিনে এচামুচ খালে সোনকালে উপসম পায়।

(৯) ক'লাজিৰা খালে শৰীৰৰ বিষ ভাল হয় । বিশেষকৈ বাত বিষৰ কাৰণে বহুত উপকাৰী। আয়ুৰ্বেদিক বাতবিষৰ ঔষধ যোগৰাজ গুগুলু , মহাযোগৰাজ গুগুলূ আদিত ক'লাজিৰা অন্যতম উপাদান হিচাবে আছে‌ । ক'লাজিৰা খালে স্নায়ুৰ বিষ, মাংসপেশীৰ বিষ আৰু হাড়ৰ গাঠিৰ বিষ বা বাতবিষ ভাল হয়।

(১০) সৰিয়হৰ তেলত ক'লাজিৰা মিলাই তেল গৰম কৰি মালিছ কৰিলে চৰ্দি, কাহ, গা বিষৰ পৰা উপসম পায়।

 (১১) পুৰণি হাপানী ৰোগীয়ে আধাচামুচ ক'লাজিৰাৰ গুৰিৰ লগত আধাচামুচ মৌ মিহলাই দিনে তিনিবাৰ খালে আৰোগ্য হয়। সকলো ধৰণৰ শ্বাস,কাহ, চৰ্দি আদিত ব্যৱহাৰ কৰিলেও সুফল পোৱা যায়।

(১২) ক'লাজিৰা খালে আহাৰ ভালদৰে হজম হয় আৰু পেটৰ গেছ কমে। লৱন ভাস্কৰ চূৰ্ণত ক'লাজিৰা আছে।

(১৩) ক'লাজিৰৰ গুৰি নেমুৰ ৰসৰ সৈতে মিহলাই মূৰত নিয়মীয়াকৈ কিছুদিন সানিলে পকা চুলি ক'লা হয়।

(১৪) ক'লাজিৰাৰ গুৰি জলফাই তেলত মিলাই শৰীৰত সানিলে চালৰ কমনীয়তা বাঢ়ে আৰু চালৰ বৰণ উজ্জ্বল হয়।

(১৫) ক'লাজিৰাত থকা বিটাকেৰটিনে কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে।

ক'লা জিৰাৰ বগা গুণ

ব্যৱহাৰৰ পৰিমাণ :

প্ৰাপ্ত বয়সৰ এজন ব্যক্তিয়ে ক'লাজিৰা গুৰি আধাচামুচকৈ দিনে তিনিবাৰ আহাৰ খোৱাৰ পিছত খাব । 

আয়ুৰ্বেদিক ঔষধ :

ক'লাজিৰা যৌগ হিচাবে থকা আয়ুৰ্বেদিক ঔষবোৰ হৈছে-মহাযোগৰাজ গুগুলু, যোগৰাজ গুগুলু , লৱন ভাস্কৰ চূৰ্ণ,সৌভাগ্য বটী, সাৰস্বত চূৰ্ণ, গৰ্ভপাল ৰস, মৃতসঞ্জীৱনী সুৰা ইআদি।

 ডা:মনোজ কুমাৰ শইকীয়া
চিনিয়ৰ মেডিকেল অফিচাৰ(আয়ু)
Mobile No- 9435209704
SWASTHYA--THE HEALTH SOLUTION
Facebook Group

শাৰীৰিক আৰু মানসিক সুস্বাস্থ্যৰ বাবে আমাৰ কৰণীয় :


'Eat healthy, think better and stay healthy'

আজিকালি প্ৰত্যেকজন ব্যক্তিয়েই স্বাস্থ্য সচেতন। সুন্দৰ, নিৰোগী আৰু স্বাস্থ্যবান শৰীৰ সকলোৰে কাম্য।সেয়েহে স্বাস্থ্য ৰক্ষাৰ কিটিপ বোৰ জানিবৰ বাবে সকলো আগ্ৰহী হোৱা দেখা যায়।

           কি কি খালে ভাল বা বেয়া ,কি কৰিলে স্বাস্থ্যবান হৈ থাকিব পাৰি সেইবোৰ কথা প্ৰায়বোৰ মানুহৰে নখ দৰ্পণত। অৱশ্যে ইয়াৰ ধনাত্মক আৰু ঋণাত্মক দিশ দুয়োটাই আছে।যেনে ধৰক শাক পাচলি কিনোতে জৈৱিক পদ্ধতিৰে উৎপাদন কৰা পাচলিৰ প্ৰতি মানুহৰ আগ্ৰহ আগতকৈ বাঢ়ি যোৱা দেখা পোৱা গৈছে। তদুপৰি বহু লোকে নিজৰ ঘৰতে সৰুকৈ হলেও এখন পাচলি বাৰী( কীটচেন গাৰ্ডেন) গঢ়াত গুৰুত্ব দিছে।

            নগৰ বা চহৰ বুলি কথা নাই সকলোৱে যেন ভেজাল আৰু ৰাসায়নিক সাৰ দিয়া শাক পাচলি বা অন্য বস্তু খাবলৈ ভয় কৰা হৈছে।ইয়াৰ ফলশ্ৰুতিতেই গুৱাহাটী হেন চহৰতো অট্টলিকাৰ চাদৰ ওপৰত কনতেইনাৰ গাৰ্ডেন গঢ়ি উঠিছে। ঠিক তেনেকৈ যুৱ চামৰ মাজত জিম(Gym) যোৱাৰ ধাউতি বৃদ্ধি পোৱা দেখা গৈছে। সুন্দৰ, বলিষ্ঠ চেহেৰা লাভ কৰাটো আজিকালি প্ৰতিজন যুৱকৰ এটা সপোন।সেয়েহে নতুন যুৱ প্ৰজন্ম শৰীৰ চৰ্চাৰ প্ৰতি আগ্ৰহী হৈ পৰিছে। শাৰীৰিক প্ৰৰিশ্ৰম কমি যোৱাৰ বাবে জিম(Gym) যোৱাটোৱেই একমাত্ৰ পথ হৈ পৰিছে। তদুপৰি মেদবহুলতাৰ সমস্যাৰ পৰা মুক্তি পাবলৈও বহুতে জিম যায়। এইবোৰ হৈছে ধনাত্মক দিশ।

             ইন্টাৰনেটৰ সুবিধা হোৱা বাবে বহুত কথা সহজ হৈ পৰিছে।অৱশ্যে এইবোৰৰ ঋণাত্মক দিশ কিছুমানো নথকা নহয়। যেনে ধৰক আজিকালিৰ যুৱ চাম যধে মধে বহু ফিটনেছ ঔষধৰ বিজ্ঞাপনত ভোল গৈ সেইবোৰ সেৱন কৰি নিজৰ বাবে বিপদ মাতি আনিছে। 'Self medication is dangerous'

            গতিকে সময় থাকোতেই সকলোৱে বুজি লোৱা উচিত ভাল বেয়া কি।অভিভাৱক সকলো সজাগ হ'বৰ হল।বাৰু যি নহওক এইবোৰ হৈছে শাৰীৰিক স্বাস্থ্য ৰক্ষাৰ প্ৰতি থকা আমাৰ সচেতনতা।

        ঠিক তেনেকৈ মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে যোগ আৰু প্রানায়ামৰ প্ৰতি সকলো আকৰ্ষিত হোৱা দেখা যায়। ঠায়ে ঠায়ে যোগ প্ৰশিক্ষণ কেন্দ্ৰ গঢ়ি উঠিছে।পুৰুষ, মহিলা সকলোৱে যোগ বা প্রানায়মৰ প্ৰতি আকৰ্ষিত হোৱা দেখা গৈছে। কিন্তু আজিকালিৰ ব্যস্ততাপূৰ্ণ জীৱনত যোগচর্চা আৰু প্ৰানায়ামৰ বাবেও মানুহৰ সময়ৰ অভাৱ হোৱা দেখা যায়।আমি প্ৰত্যেকেই ইমান ব্যস্ত যে আমাৰ জীৱন একপ্ৰকাৰ যন্ত্ৰৱত হৈ পৰিছে। একঘেমীয়া জীৱন, পৰিৱৰ্তিত খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ বাবে মানুহ ৰোগীয়া হৈ পৰিছে। তদুপৰি নিদ্ৰাহীনতা, মানসিক অৱসাদত ভোগা মানুহৰ সংখ্যাও দিনে দিনে বৃদ্ধি পাইছে।এইবোৰৰ ফলশ্ৰুতিত বহুতেই মানসিক চাপ বা ষ্ট্ৰেছৰ চিকাৰ হয়।

          শাৰীৰিক ভাবে স্বাস্থ্যৱান হলেও মানসিক সুস্বাস্থ্যৰ অবিহনে এজন ব্যক্তিক স্বাস্থ্যৱান বুলি কব নোৱাৰি।আজিৰ যুগটো প্ৰতিযোগিতাৰ যুগ । ভিন ভিন ক্ষেত্ৰত যেন কেৱল প্ৰতিযোগিতাহে ,কোনে কাক চেৰ পেলাই আগবাঢ়িব পাৰে। গাঁওৰ লোকে চহৰীয়া লোকৰ ওচৰত হীন্যমান্যতাত ভোগে,ঠিক তেনেকৈ চহৰীয়া লোকেও গাঁওৰ লোকক হীন চকুৰে চোৱা দেখা যায়। অত্যাধুনিকতাৰ পৰশত মানুহে নিজকে পাহৰি পেলাইছে, আনক অন্ধ অনুকৰণ কৰিছে যিবোৰৰ প্ৰভাৱ অতি ভয়াৱহ। সেয়েহে সকলোৱে যেন এবাৰ নিজকে চিকুটি চায় আৰু কথাবোৰ দকৈ চিন্তা কৰে। 

'Self assessment is the first step to all assessment'। প্ৰতিজন ব্যক্তি বিভিন্ন দোষ গুণৰ সমাহাৰ। নিজৰ দুৰ্বলতা খিনি চালি জাৰি চাই যিয়ে নিজকে সংশোধন কৰিবলৈ চেষ্টা কৰে ,তেওঁহে প্ৰকৃত ব্যক্তি।


শৰীৰৰ পুষ্টিৰ বাবে আমি পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিছো, কিন্তু মানসিক পুষ্টিৰ বাবে কি আহাৰ গ্ৰহণ কৰিছো বাৰু? যোগ আৰু প্রানায়াম বাৰু সহজ উত্তৰ। কিন্তু কিছুমান সৰু সৰু কথায়ো আমাক মানসিক পৰিপুষ্টি দিব পাৰে।সাধাৰণ যেন লগা কিন্তু অতি প্ৰয়োজনীয় কেইটিমান কিটিপ তলত উল্লেখ কৰিছো।

🌿(১). নিজক সন্মান কৰিবলৈ শিকক।নিজক সন্মান কৰিব শিকিলেহে আনকো সন্মান দিব পাৰিব।

🌿(২).পুৱা সোনকালে উঠা অভ্যাস কৰিব লাগে আৰু প্ৰাতঃভ্ৰমন (morning walk) কৰিব লাগে।আজিকালি বেছিভাগ লোকেই ৰাতি দেৰিকৈ শুৱে আৰু পুৱা দেৰিকৈ উঠে। ই স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক।

🌿(৩).নিজকে অকলশৰীয়া অনুভৱ হবলৈ নিদিব। ভাল লগা আৰু ভাল মানুহৰ সংগ লওক।এষাৰ কথা আছে-'দুষ্ট বন্ধুতকৈ জ্ঞানী শত্ৰুৱেই শ্ৰেয়।' পৰিয়াল আৰু ভাল বন্ধুৰ লগত সময় কটাওক।

🌿(8).প্ৰত্যেকৰে ভাল লগা কিছুমান কাম বা হবি(hobby) আছে।যেনে :- গান গোৱা, গান শুনা, ৰন্ধা বঢ়া,কিতাপ পঢ়া আদি।ব্যক্তিভেদে এই হবিবোৰ বেলেগ বেলেগ হয়। ব্যস্ততাৰ মাজতে অকণমান সময় উলিয়াই নিজৰ ভাল লগা কামবোৰ কৰক। এইবোৰে আমাক মানসিক প্ৰশান্তি দিয়ে(mental peace) ।

🌿(৫).নিজক কেতিয়াও আনৰ লগত তুলনা নকৰিব। আনৰ লগত তুলনা কৰিলে হীন্যমান্যতাত ভুগি মানসিক অশান্তি বৃদ্ধি হয়। যি পাইছে তাতেই সন্তুষ্ট থাকক। 'আত্মসন্তুষ্টি সুখৰ মূলমন্ত্র'- কথাষাৰ উপলব্ধি কৰক।

🌿(৬).' Idle brain or idle mind is the Devil's workshop'- অৰ্থাৎ 'খালি মূৰ চয়তানৰ বাহ।' একো কাম বন নাথাকিলে আমাৰ মনবোৰ কলুষিত হয় আৰু বেয়া বেয়া চিন্তাই বাহ লয়। সেয়েহে নিজকে গঠনমূলক কামত নিয়োজিত কৰক।আপুনি কোনটো কামত পাৰ্গত প্ৰথমে সেই কামটোকে বাচি লওক আৰু নিজকে সেই কামত ব্যস্ত ৰাখক। ' কামৰ সৰু বৰ নাই'। আপুনি কৰি থকা কামটো সৰু বুলি নাভাবিব। প্ৰতিটো কামৰে মূল্য আছে। নিজৰ কৰ্মক সঠিক মৰ্যদা দিয়ক আৰু উপভোগ কৰক।

🌿(৭). আনৰ প্ৰতি হিংসা ভাব পৰিহাৰ কৰক। ই আপোনাৰ নিজৰ স্বাস্থ্যৰ বাবেহে ক্ষতিকাৰক,আনৰ একো হানি কৰিব নোৱাৰে।

🌿(৮). খং নামৰ ৰিপুটো দমন কৰিবলৈ চেষ্টা কৰক। ' খং নামেই চাণ্ডাল ' -কথাষাৰ এবাৰ মনত পেলাব।খং উঠিলে আপুনি আপোনাৰ মনটো শান্ত কৰিবলৈ চেষ্টা কৰক।তাৰ বাবে নিজৰ আটাইতকৈ ভাল লগা কামটো কৰক। লাহে লাহে খং শাম কাটিব।

🌿(৯) সুষম, সন্তুলিত আহাৰ গ্ৰহণ কৰক। প্ৰচুৰ পৰিমাণে পানী সেৱন কৰক আৰু নিতৌ কিছুসময় শাৰীৰিক পৰিশ্ৰম কৰক। শাৰীৰিক পৰিশ্ৰমে মানসিক উৎকণ্ঠা, মানসিক দুশ্চিন্তা আৰু মানসিক অৱসাদ দূৰ কৰাত সহায় কৰে।

🌿(১০).আনৰ কথা আলোচনা কৰা বা পৰচর্চা ত্যাগ কৰক।পৰচৰ্চাই আমাৰ মনবোৰ কলুষিত কৰে।আনৰ দোষ গুণ খুচৰি থকাতকৈ পাৰে যদি নিজৰ দোষ গুণ সমূহ চালিজাৰি চাই আত্মসংশোধন কৰক।

🌿(১১). প্ৰত্যেক ব্যক্তিৰে কিছুমান সুপ্ত প্ৰতিভা থাকে।নিজৰ সেই প্ৰতিভাক চিনি পাওক আৰু তাক বিকাশ কৰিবলৈ চেষ্টা কৰক।ই আপোনাৰ আত্মবিশ্বাস আৰু মনোবল (will power)বৃদ্ধি কৰিব।

🌿(১২).নিজৰ বিবেক( inner voice) মতে কৰ্ম কৰি যাওক । বিবেকহীন লোক জড় পদাৰ্থৰ দৰে।

🌿(১৩). যোগাভ্যাস আৰু প্রানায়ম অনুশীলন কৰক।

🌿(১৪).জীৱনটো ধনাত্মক দৃষ্টিৰে চাবলৈ শিকক।'জীৱন অমূল্য' এই কথাষাৰ সদায়ে মনত ৰাখিব। ঋণাত্মক চিন্তাৰ পকনিয়া সোঁতত উটি নাযাব।

বি:দ্ৰ:- লিখনিটোৰ দ্বাৰা জনসাধাৰণৰ মাজত স্বাস্থ্য সজাগতা আনিবলৈ এটা ক্ষুদ্ৰ প্ৰয়াসহে কৰা হৈছে।

ডাঃৰেইনী দেৱী( আয়ুৰ্বেদিক চিকিৎসক)
গুৱাহাটী
ফোন:- 7399114617

গেষ্ট্ৰিকৰ ঔষধে কিডনী ৰোগ , কেঞ্চাৰ কৰে :

অসমত কেবছৰ মানৰ ভিতৰত হঠাৎ বৃদ্ধি হৈছে কিডনী ফেইলাৰ ৰোগ। ইয়াৰ এটা মুখ্য কাৰণ হৈছে পেন্টোপ্ৰাজল, ৰবিপ্ৰাজল আদি গেষ্ট্ৰিকৰ ঔষধ ব্যৱহাৰ। উল্লেখযোগ্য যে এলোপেথিক ঔষধ কোম্পানীয়ে নিজ মুনাফা লুন্ঠনৰ কাৰণে ঔষধৰ পাৰ্শ্বক্ৰিয়া ইচ্ছাকৃতভাৱে উল্লেখ নকৰে। ইয়াৰ ফলত হেজাৰ বা লক্ষ্যাধিক লোক পাৰ্শ্বক্ৰিয়াৰ বলী হ'ব লগীয়া হয়। এনেকুৱা মাৰাত্মক পাৰ্শ্বক্ৰিয়াৰ ফলত অসমত কিডনী ৰোগৰ দৰে জটিল ৰোগ হৈ মৃত্যুৰ মূখলৈ গতি কৰিব লগা হৈছে।
                আগৰ দিনত বদহজম হৈ টেঙাপানী আহিলে এসাজ লঘোন দিছিল , আদা আৰু সামান্য ক'লা নিমখ খাইছিল । আয়ুৰ্বেদত উল্লেখ আছে "ভোজনাগ্ৰে লৱনাদ্ৰক" অৰ্থাৎ আহাৰ খোৱাৰ আগমূহুৰ্ত্তত আদা আৰু ক'লা নিমখ অকনমান খাব লাগে। এইদৰে খালে হজম আৰু বিপাক ভালদৰে হয় কাৰণে বিপাক সম্বন্ধীয় ৰোগ সহজে হব নোৱাৰে। আজিকালি চিধাই ফাৰ্মাছীৰ পৰা এন্টাচিদ বিশেষকৈ পেন্টোপ্ৰাজল আৰু ৰবিপ্ৰাজলৰ আনি জধেমধে খাই বাবে কিডনী ৰোগ (CKD) আৰু পাকস্থলী কেঞ্চাৰ দিনক দিনে অসমত বাঢ়িব ধৰিছে। নিউইয়ৰ্কৰ বেছেট মেডিকেল চেন্টাৰৰ গৱেষক চিকিৎসক চৰত থংপ্ৰায়ুনে চলোৱা গৱেষণামূলক অধ্যয়নত প্ৰমাণিত হৈছে যে প্ৰ'টন পাম্প ইনহিবিটৰ (PPI) ঔষধ পেন্টোপ্ৰাজল, ৰবিপ্ৰাজল ঔষধ বেছিদিন খালে ক্ৰনিক কিডনী ৰোগৰ উপৰিও পাকস্থলী কেঞ্চাৰ ৰোগ হয়। Charat Thongprayoon ৰ মতে ক্ৰনিক ৰিনেল ফেইলাৰ আদি কৰি প্ৰায় ৩৩% কিডনী আৰু দুইতৃতীয়াংশ পাকস্থলী কেঞ্চাৰ ৰোগ উল্লেখিত গেষ্ট্ৰিক ঔষধৰ কাৰণে হয় । আমাৰ মানুহে অমৃতৰূপে জধেমধে খোৱা ঔষধ দুবিধ কিমান অপকাৰী এবাৰ ভাবি চাওক।অৱশ্যে আয়ুৰ্বেদিক গেষ্ট্ৰিকৰ ঔষধৰ কোনো পাৰ্শ্বক্ৰিয়া নায় এবিধ শাস্ত্ৰীয় ঔষধ "লৱন ভাস্কৰ চূৰ্ণ" আধা চামুচ বা এচামুচ আহাৰ খোৱাৰ পিছত খালে এন্টাচিদ, এনজাইয হিচাপে কাম কৰাৰ উপৰিও খোৱাৰ ৰুচি বঢ়ায় আৰু শৌচ খোলোচা হয় । খোৱা-বোৱাৰ ক্ষেত্ৰত সাৱধান হলে , ৰাতিপুৱা কুহুমীয়া গৰম পানী একলিটাৰ আৰু দিনটোৰ ভিতৰত আন সময়ত তিনি লিটাৰ পানী খালে গেষ্ট্ৰাইটিচ আদি কৰি পেটৰ ৰোগ প্ৰায়েই নোহোৱা হয়। কিন্তু আমাৰ ৯০%অধিক মানুহে দিনে এক লিটাৰ পানীও নাখায়। মূঠতে কবলৈ গলে আমাৰ বেমাৰ নিজে চপাই লোৱা বেমাৰহে।

✍️ ডা:মনোজ কুমাৰ শইকীয়া।
হোৱাটৃএপ নম্বৰ- 9435209704

ভাঙৰ (Cannabis)গুণাগুণ অপাৰ :

ভাঙৰ পৰা তৈয়াৰ কৰা হয় মাৰিজুৱানা (Marijuana) নামৰ এবিধ নিচাযুক্ত দ্ৰৱ্য। আজি কালি যুৱচামৰ মাজত  গুটকাৰ দৰে প্ৰিয় এই মাৰিজুৱানা। দুখীয়াৰ পৰা ধনীলৈকে , ডেকাৰ পৰা বৃদ্ধলৈকে সকলোৱে ভাং খায় যদিও শেষত গৈ বদনাম হয় ভোলানাথ শিৱৰ।  পাৰ্বতীয়েও শিৱক কম ককৰ্থনা কৰিছিলনে , বোলো "আনক ধন ধাৰে দিলে সুদেমূলে পায়, ভঙুৱাক ধাৰে দিলে সমূলি হেৰাই"। অৱশ্যে আমাৰ ৰঙালী বিহুৰ দৰে পতা ভঙুৱা সকলৰ জাতীয় উৎসৱ হৈছে শিৱৰাত্ৰি।  ঘোতা, চিলিম, বিড়ি, লাৰু , ভাং পাতৰ ভাজি , যাৰ যি মন যায় সেই দিনা নিজ ইচ্ছামতে খাব পাৰি।


ভাং আয়ুৰ্বেদিক ঔষধ হিচাবে হেজাৰ বছৰৰ পৰা ব্যৱহাৰ কৰি অহা হৈছে। সঠিক পৰিমাণে ব্যৱহাৰ কৰিলে সুফল পোৱাৰ বিপৰীতে অত্যাধিক পৰিমাণে ব্যৱহাৰ কৰিলে স্বাস্থ্যৰ ক্ষতিসাধন কৰে। 


ভাঙৰ উপকাৰিতা :

আধা চিলিম ভাঙৰ ধোৱা , ১-২ চামুচ পাতৰ ৰস অথবা ৮-১০ টা  ভাঙৰ পাত ভাজি খালে অপকাৰ নকৰে। বৰং ঔষধ হিচাবে কাম কৰে ‌।

(১) ভাং খালে কেঞ্চাৰ ৰোগৰ নতুন কোষ গঠনত বাধা দিয়ে। কেমোথেৰাপি লৈ থকা সময়ত কম পৰিমাণে ভাং খালে এই ৰোগ বৃদ্ধি হ'ব নোৱাৰে। ইতিমধ্যে দিল্লী এইমচত কৰা গৱেষণা মূলক পৰীক্ষাত প্ৰমাণিত হৈছে।

(২) ভাং খালে চকুৰ এবিধ জটিল ৰোগ গ্লৌক'মা হব নোৱাৰে। গ্লৌক'মা হলেও ঔষধৰ লগতে ভাং খালে সোনকালে আৰোগ্য হয়। 

(৩) আলজাইমা ৰোগ নিৰাময় হয়।

(৪) শৰীৰৰ বিষ কমাই , আক্ষেপ বা কনভালচন ৰোগ ভাঙে নিৰাময়ৰ কৰিব পাৰে।

(৫) ব্ৰেইনৰ ষ্ট্ৰোকত আক্ৰান্ত ব্যক্তিক সোনকালে আৰোগ্য হোৱাট সহায় কৰে।

(৬) কেঞ্চাৰ ৰোগীয়ে কেমোথেৰাপি লৈ থকা সময়ত  পাৰ্শ্বক্ৰিয়াৰ কাৰনে ওকালি আৰু শৰীৰৰ অত্যন্ত বিষ হয়। ভাং খালে ওকালি আৰু শৰীৰৰ বিষ কমকৈ হয়।

(৭) ভাং খালে পুৰণি গ্ৰহণী ৰোগ ভাল হয়।

(৮) ভাং খালে পুৰণি সংগ্ৰহণী বা  কলাইটিছ ৰোগ ভাল হয়।

(৯) ভাং খালে মাংসপেসীৰ বিষ , হাওঁফাওঁৰ মধ্যচ্ছদাৰ বিষ ভাল হয়।

(১০) ভাং খালে মানসিক অস্থিৰতা , দু:চিন্তা আতৰ হয়, টোপনি ভাল হোৱাৰ উপৰিও কামত অধিক মনোযোগ দিব পাৰে।

ভাঙৰ অপকাৰিতা :

ভাং চিলিমত লৈ বেছিকৈ খালে উপকাৰ নহৈ অপকাৰ হোৱা দেখা পোৱা যায়।

(১) বেছিকৈ ভাঙৰ চিলিম টানিলে স্মৃতি শক্তি কমিবলৈ ধৰে। যিকোনো কামত সঠিক সিদ্ধান্ত ল'ব নোৱাৰে।
(২) মস্তিষ্কৰ বিকাশত বাধা ওপজে।
(৩) পুৰুষৰ শুক্ৰ গঠনত বাধা ওপজে কাৰণে বেছিকৈ ভাং খোৱা ব্যক্তি শুক্ৰহীনতাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা।
(৪) বেছিকৈ চিলিম খোৱা ব্যক্তিৰ মনলৈ আত্মহত্যাৰ ভাৱ আহে আৰু ইয়াৰ পৰিণতি কি হ'ব পাৰে তাক নকলেও হ'ব।
(৫) বেছিকৈ ভাং খালে ওকালি, বমি আৰু শৰীৰৰ জলশূণ্যতা বা ডিহাইড্ৰেচন হয়। সেয়েহে বেছিকৈ পিয়াহ লাগে।
 (৬) মহিলাই ভাং বেছিকৈ খালে মাহেকীয়া ঋতুস্ৰাৱ অনিয়মীয়া হয়।
(৭) গৰ্ভৱতীয়ে ভাং বেছিকৈ খালে গৰ্ভস্থ সন্তানৰ  খতিসাধন হয় বাবে নিঃসকতিয়া বা মৃত সন্তান প্ৰসৱ কৰে।
(৮) বেছিকৈ ভাং খালে হৃদস্পণ্ডন হঠাতে বঢ়াৰ কাৰণে হৃদঅভিঘাত বা ষ্ট্ৰোক হৈ মৃত্যু পৰ্যন্ত হব পাৰে।
(৯) ভাঙৰ চিলিম বেছিকৈ খোৱা ব্যক্তিৰ হাওঁফাওঁৰ খতিসাধন হয়।
(১০) ভাং বেছিকৈ খালে চিন্তা কৰিব পৰা শক্তি কমি যায়। সেয়েহে কি কাম কৰে নিজেই নাজানে।
(১১) ভাং বেছিকৈ খালে অস্থিৰ হৈ পৰে।
(১২) আটাইতকৈ জমনী কথাটো হল, ভাং বেছিকৈ খাই  হাঁহিবলৈ আৰু হাঁহি ৰখাব নোৱাৰা হয়।

ডা:মনোজ কুমাৰ শইকীয়া।
হোৱাটৃএপ নম্বৰ- 9435209704

কেতিয়া,কেনেকৈ ব্যায়াম(Exercise)কৰিব?

বহুতে প্ৰশ্ন কৰে কেতিয়া ব্যায়াম কৰিলে ভাল,কিছুমানে কয় ৰাতিপুৱা,কিছুমানে কয় আবেলি ইত্যাদি।হয় ৰাতিপুৱা ব্যায়াম কৰিলেও ভাল বা আবেলি কৰিলেও ভাল বা আপুনি যেতিয়াই ব্যায়াম কৰে তেতিয়াও ভাল।এই ক্ষেত্ৰত বেছি নিৰ্ভৰ কৰিব আপোনাৰ মানসিক প্ৰ্স্তুতি যদি আপোনাৰ মনটো ব্যায়াম কৰাৰ বাবে প্ৰ্স্তুত নহয় তেতিয়া আপুনি যিমান ভালকৈয়ে ব্যায়াম নকৰক কিয় আপুনি তেতিয়া ভাল ফল নাপাব। ব্যায়াম কৰাৰ আগতে মনটো প্ৰ্স্তুত কৰক আৰু যেতিয়াই আপোনাৰ মনটো ব্যায়াম কৰাৰ প্ৰস্তুত হব আপুনি যি কোনো সময়তে ব্যায়াম কৰিব পাৰে। 

ব্যায়াম কেনেকৈ কৰিব :

কেতিয়াও খালি পেটত ব্যায়াম নকৰিব।বহুতে পুৱাৰ ভাগত খালি পেটে ব্যায়াম কৰে এইটো শৰীৰ বাবে ভাল নহয়। পুৱাৰ ভাগত শোৱাৰ পৰা উঠি প্ৰাত কৰ্ম কৰি কুহুমিয়া গৰম পানী খাই ব্যায়াম কৰাৰ আধা ঘন্টা বা এঘন্টাৰ আগত কল, নাইবা ওটছ (oats) খাব মই কল আৰু ওটছৰ কথা কৈছো কাৰন এই দুবিধ ব্যায়াম কৰাৰ আগত খোৱা ভাল আহাৰ আৰু সহজ হয়। ব্যায়াম বা Exercise ৰ ওপৰত ভিত্তি কৰি খাদ্যক তিনিটা ভাগত ভাগ কৰা হৈছে।

Preworkout এই ধৰনৰ আহাৰ ব্যায়াম কৰাৰ আগত খায় যিটো মই ওপৰত উল্লেখ কৰিছো।

IntetmediateWorkout এই আহাৰ ব্যায়াম কৰি থকা সময়ত খায়। নেমু পানী এইক্ষেত্ৰ্ত আটাইতকৈ ভাল।

PostWorkout এই আহাৰ ব্যায়াম বা Exercise কৰাৰ পাছত খাব লাগে।ইয়াত আপোনাৰ প্ৰটিনজাতীয় আহাৰ খাব লাগে।

✍️ তপন হাজৰিকা
জিম প্ৰ্শিক্ষক
হোৱাটছ এপ 8486764422

চালানী আম কিমান মাৰাত্মক:

চালানী আম বজাৰত আগতীয়াকৈ ওলালে দাম বেছি হয় । এই দামী আম কেৰি বেগত আন ব্যক্তিয়ে দেখাকৈ হাতত ওলোমাই আনোতে বুকুখন দুই ইঞ্চিমান ফুলি যোৱাটো স্বাভাৱিক। কিন্তু ইয়াৰ অপকাৰীতা জনাৰ পিছত আপোনাৰ অৱস্থা কেনে হ'ব বাৰু ? 


আম এবিধ উপকাৰী ফল, খালে শৰীৰৰ পুষ্টিসাধনৰ উপৰিও শৌচ খোলোচা হয়। পকা আমত আহজাতীয় কাৰ্বহাইড্ৰেত থকা বাবে মধুমেহ বা ডায়েবেটিচ থকা ব্যক্তিয়েও খাব পাৰে। পকা আমত খাদ্যপ্ৰাণ , খনিজ পদাৰ্থৰ উপৰিও যথেষ্ট পৰিমাণে পানী থাকে। সেয়েহে গৰমৰ দিনত পকা আম খালে শৰীৰ আৰু মনলৈ অফুৰন্ত শক্তি আহে। আগতে অসমৰ সকলোতে আমগছ উভৈনদী আছিল। অসমৰ আম সাধাৰণতে টেঙা আৰু পোকে খায় বাবে দিনক দিনে অসমত চালানী আমৰ চাহিদা বাঢ়িবলৈ ধৰিলে। অসমৰ থলুৱা গছবোৰ কাটি প্ৰায় নাইকিয়া কৰিলে।
             আগৰ দিনত চালানী আম বিশেষকৈ মালদহৰ আমবোৰ টুকুৰিত আহিছিল, দুই-এটা গেলিছিল আৰু পকা আমবোৰ কামুৰি খাওঁতে ৰস ওলাই কামিজ-বনিয়নৰ আগফালে তিতিছিল। আজি কালি বিধে বিধে চালানী আম বজাৰত পোৱা যায়, খালে ৰস নোলায় আৰু আমবোৰ শুকাই টোতোৰা পৰে যদিও নেগেলে।
             চালানী আমবোৰ ব্যৱসায় ভিত্তিত কৰা হয়। যিমানেই উৎপাদন বাঢ়িব সিমানেই লাভ হ'ব। সেয়েহে আমাৰ দেশৰ আমৰ বাগানত যধেমধে নানান ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ প্ৰয়োগ কৰা হয় । ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলে অধিক উৎপাদন হয় আৰু আমবোৰ পোকে নাখাবলৈ স্প্ৰে কৰা হয় বিষাক্ত কীটনাশক‌। মনকৰিবলগীয়া যে বছৰি বছৰি ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ আৰু কীটনাশক ৭% আমগছৰ শিপা, গাগছ , ডাল,পাতত সঞ্চিত হৈ থাকে।
           Food and Agricultural Organization মতে ভাৰতবৰ্ষৰ ব্যৱসায়িক আম বাগানৰ ৯০% আমগছ অতি বিষাক্ত। সেয়েহে দেশীয় আমৰ ৰপ্তানি হ্ৰাস হৈছে। বিষাক্ত কেঁচা অপুৰঠ আমবোৰ পুনৰ ৰাসায়নিক পদাৰ্থ মিহলাই সংৰক্ষণ কৰি পেকিং কৰি অসমলৈ পঠোৱা হয়‌। সেয়েহে এই আমবোৰ ৰসহীন, টোতোৰা পৰা, আমঠু কোমল আৰু সোৱাদহীন। খালে জিভা-মুখ দেৰদেৰাই যায়। একেলেঠাৰিয়ে কেদিনমান চালানী আম খালে মুখত আৰু জিভাত ঘাঁ, আভোক, বদহজম, পেটকামোৰণি, পেটফুলা , পাতল শৌচ আদি হয়। অসমৰ জলবায়ুৰ সৈতে খাপখোৱা থলুৱা আমবোৰ টেঙা হলেও আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী। মই ৰোৱা চাপৰ আৰু ভাল সচৰ ৪ জোপা আম ৩ বছৰতে লাগিছে আৰু কেবাবছৰৰ পৰা খাই আছো। সন্ধিয়া ধোঁৱাজাক দিয়া বাবে পোকে নধৰে আৰু খাবলৈ বৰ সোৱাদ‌ । আছলতে আমি কথা বেছিকৈ কও কিন্তু কাম নকৰো‌‌। ফলৰ গছ ৰোৱা মোৰ হবি।

ডা:মনোজ কুমাৰ শইকীয়া
মবাইল নম্বৰ-9435209704

MKRdezign

Contact Form

Name

Email *

Message *

Health Tips in Assamese. Powered by Blogger.
Javascript DisablePlease Enable Javascript To See All Widget
X

Like Health Tips in Assamese


LIKE US ON FACEBOOK

JOIN WHATSAPP GROUP